গনৰিয়া
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
গনৰিয়া | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
Gonococcal lesion on the skin | |
আই.চি.ডি.-10 | A54 |
আই.চি.ডি.-9 | 098 |
মেডলাইন প্লাছ | 007267 |
ইমেডিচিন | article/782913 |
MeSH | D006069 |
গনৰিয়া (ইংৰাজী: Gonorrhea) এবিধ যৌনসংগমৰ দ্বাৰা সংক্ৰমিত ৰোগ। নেচেৰিয়া গনৰিয়া নামৰ এবিধ বেক্টেৰিয়াৰপৰা এই ৰোগ হয়। জনন অংগৰ উত্তাপ আৰু আৰ্দ্ৰ ঠাইবোৰত ই অতি সোনকালে বৃদ্ধি পায়। ই মুখ, ডিঙি, চকু আৰু শৌচদ্বাৰতো বৃদ্ধি পাব পাৰে।
সংক্ৰমণ
[সম্পাদনা কৰক]পুৰুষৰ লিংগ, যোনী, মুখ আৰু শৌচদ্বাৰৰ যোগেৰে গনৰিয়া সংক্ৰমিত হ’ব পাৰে। প্ৰসৱৰ সময়ত মাকৰ পৰা শিশুলৈ এই সংক্ৰমণ হ’ব পাৰে।
লক্ষণ আৰু উপসৰ্গ
[সম্পাদনা কৰক]যৌন কাৰ্য্যৰ বাবে উপযুক্ত লোকৰ গনৰিয়া হ’ব পাৰে। বেছিভাগ পুৰুষৰে গনৰিয়াৰ কোনো উপসৰ্গই দেখা নিদিয়ে। কিছুমানৰ সংক্ৰমণৰ ২-৫ দিনৰ ভিতৰত কিছুমান উপসৰ্গই দেখা দিব পাৰে। কিছুমানৰ ক্ষেত্ৰত উপসৰ্গ দেখা দিওঁতে ৩০ দিনো লাগিব পাৰে। প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা কৰা, লিংগৰে বগা, হালধীয়া বা সেউজীয়া পদাৰ্থ নিৰ্গত হোৱা, কিছুমানৰ অণ্ডকোষ উখহি উঠা, বিষোৱা আদি উপসৰ্গই দেখা দিয়ে। মহিলাৰ ক্ষেত্ৰত উপসৰ্গবোৰ স্পষ্ট নহয়। প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা বা বিষোৱা, যোনী স্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা, দুটা ঋতুস্ৰাৱৰ মাজত তেজ যোৱা ইত্যাদিও দেখা দিব পাৰে।
গৰ্ভৱতী মহিলা আৰু শিশুৰ ওপৰত প্ৰভাৱ
[সম্পাদনা কৰক]গনৰিয়াত আক্ৰান্ত মাকৰপৰা প্ৰসৱৰ সময়ত শিশুটিলৈ গনৰিয়া সংক্ৰমণ হ’ব পাৰে। ইয়াৰ ফলত শিশুটি অন্ধ, যোৰাবোৰৰ বিসংগতি, বা প্ৰাণনাশক তেজ সংক্ৰমণ হ’ব পাৰে। গনৰিয়া নিৰ্ণয় কৰিব পাৰিলে চিকিৎসাৰদ্বাৰা এই জটিলতাবোৰ বহু পৰিমাণে কমাব পৰা যায়। প্ৰয়োজনীয় পৰীক্ষা-নিৰিক্ষা আৰু উপযুক্ত চিকিৎসাৰবাবে গৰ্ভৱতী মহিলাই চিকিৎসকৰ লগত পৰামৰ্শ কৰা উচিত।
প্ৰতিৰোধ
[সম্পাদনা কৰক]যৌন সংক্ৰামক যি কোনো ৰোগ প্ৰতিৰোধ কৰাৰ একমাত্ৰ সহজ আৰু উত্তম উপায় হ’ল যৌনসংগম নকৰা। অথবা যৌন সংক্ৰমিত ৰোগ নথকা যৌন সংগী এগৰাকী বিচাৰি লোৱা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- আইএনডিজি দল।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত গনৰিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |